নিউজ ডেস্কঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে মঙলবাৰে ইউটিউবৰ চেনেলবোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে। মন্ত্ৰণালয়ে ২২টা ইউটিউব চেনেল ভাৰতত বন্ধ কৰে। ইয়াৰ ভিতৰত চাৰিটা পাকিস্তানৰ ইউটিউব চেনেলো আছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে কয় যে- এই চেনেল কেইটাৰ জৰিয়তে ভাৰতৰ বিষয়ে ভুৱা আৰু ভুল তথ্য বিয়পোৱা হৈছে।

লগতে মন্ত্ৰণালয়ে কয় যে- ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা, বিশ্বৰ আনবোৰ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক সন্দৰ্ভত ভুৱা আৰু ভুল তথ্য প্ৰচাৰ কৰিছিল এই ইউটিউব চেনেল কেইটাত। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে ইয়াৰ লগতে চাৰিটা টুইটাৰ একাউন্ট, এটা ফেচবুক একাউন্ট আৰু এক নিউজ ৱেবছাইট বন্ধ কৰে ভাৰতত।

উল্লেখ্য যে, ইউটিউব চেনেল ‘খবৰ উইথ ফেক্ট’ নামৰ চেনেলটো ভাৰত বিৰোধী আৰু উচটনিমূলক খবৰ বিয়পোৱাৰ বাবে বন্ধ কৰি দিছে। এই চেনেলটোৰ আছে ৮,৯৩,১৪৮ গৰাকী দৰ্শক।

তাৰ লগতে ‘চেনেল খবৰ তেজ’, ‘গ্লোবেল ত্ৰুথ’, ‘নিউ গ্লোবেল ফেক্ট’, ‘ইনফৰ্মেছন হাব’, ‘ফ্লেছ হাব’, ‘ফেছল তৰাৰ স্পীকছ’, ‘অপনী দুনীয়া টিভি’, ‘হকিকত কী দুনীয়া’, ‘শহজাদ আব্বাছ’, ‘মেৰা পাকিস্তান উইথ চাহব’, ‘খবৰ উইথ আহমেদ’, ‘এচ আৰ টিভি’, ‘সবী কাজমী, ‘শচ টিভি নেটৱৰ্ক’, ‘চাকিব স্পিকছ’, ‘ছলমান হেইদৰ অফিচিয়েল’, ‘চাজিদগোণ্ডাল স্পিকছ’, ‘মলীহা হাচমী’, ‘উম্ৰদৰাজ গোণ্ডল’, ‘খৌজ টিভি’, ‘খৌজ টিভি- ২.০’, ‘কভাৰ পইন্ট’, ‘জুনেট ফিল্কছ’, ‘নেশ্যনেল ষ্টুডিঅ’, ‘ইনফৰ্মেটিভ ৱৰ্ল্ড’ আদি চেনেল কেইটা বন্ধ কৰা হৈছে ভাৰতত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply