নিউজ ডেস্ক : ক’ভিড সম্পৰ্কে আই চি এম আৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ। ক’ভিডৰ তৃতীয়টো ঢৌৰ পূৰ্বে টীকাকাৰণকলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে আই চি এম আৰয়ে। তৃতীয় ঢৌৰ পূৰ্বে শিশুসকলক টীকা কাৰণ কৰাৰ নিৰ্দেশ আই চি এম আৰৰ।

বিগত কিছুমাহ ধৰি দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত বৰ্তমান কিছু হ্ৰাস পাইছে দ্বিতীয়টো ঢৌৰ শক্তি। দেশত ক’ভিডৰ সংক্ৰমণৰ হাৰ হ্ৰাস পাবলৈ ধৰাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে। ইয়াৰ মাজতে আকৌ ক’ভিডৰ তৃতীয়টো ঢৌ অহাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে।

ক’ভিডৰ তৃতীয়টো ঢৌ শিশু সকলৰ ক্ষেত্ৰত অধিক ভয়াবহ হোৱাৰো সম্ভাৱনা বিভিন্ন সময়ত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আই চি এম আৰয়ে গুৰুত্বপূৰ্ণ নিৰ্দশনা জাৰি কৰিছে। ক’ভিডৰ তৃতীয় ঢৌৰ পূৰ্বে শিশুসকলক টীকাকাৰণ কৰিব লাগিব বুলি নিৰ্দশনা জাৰি কৰিছে আই চি এম আৰয়ে।

লগতে পঢ়ক : পথৰ মাজত পুখুৰীসদৃশ গাঁত!গোৰেশ্বৰৰ নিকটৱৰ্তী দৰংজিলাৰ আন্ধেৰীঘাটৰ বাট-পথৰ দুৰৱস্থা

ইতিমধ্যে শিশুসকলৰ বাবে Zydus Cadilla ৰ ভেকচিনৰ পৰীক্ষামূলক প্ৰক্ৰিয়া প্রায় সম্পূৰ্ণ হোৱাৰ পথত। ১২ ৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ শিশুৰ ভেকচিন সম্পূৰ্ণ কৰিব লাগিব বুলি আই চি এম আৰয়ে কৈছে। দহ বছৰৰ তলৰ শিশুৰ ভেকচিন পৰীক্ষণ কিছু অধিক সময়ৰ প্ৰয়োজন হব বুলিও জানিবলৈ দিয়ে আই চি এম আৰয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply