নিউজ ডেস্ক : বুধবাৰে এটা শক্তিশালী আই ই ডি বিস্ফেৰণে কঁপাই তোলে মণিপুৰৰ ৰাজধানী ইম্ফল চহৰ। পূব ইম্ফলৰ তেলিপাটি অঞ্চলত সংঘটিত হয় উক্ত বিস্ফোৰণ।
প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৩.৩০ বজাত এটা গুডামৰ সন্মুখত সংঘটিত হয় উক্ত বিস্ফোৰণ। অৱশ্যে বিস্ফোৰণত কোনো লোক হতাহত হোৱা নাই।
ঘটনাৰ পিছতে পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ লগতে ফৰেন্সিক বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে।
অৱশ্যে বাতৰি যুগুত কৰা পৰ্য্যন্ত কোৱো উগ্ৰপন্থী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।
লগতে পঢ়ক :