নিউজ ডেস্ক : অন্ধ্ৰ প্ৰদেশত বিজেপিৰ চৰকাৰ হ’লে সুৰাৰ মূল্য হ্ৰাস পাব। চৰকাৰ গঠন হ’লেই এটা কোৱাৰ্টাৰৰ ৫০ টকাত যোগান ধৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ। অন্ধ্ৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সভাপতি ছ’মু ভীৰাজুৱে এই প্ৰতিশ্ৰুতি দিছে।

অন্ধ্ৰ প্ৰদেশত সুৰাৰ ৰাজনীতি। সুৰাৰ সহায়লৈ অন্ধ্ৰ প্ৰদেশ দখল কৰাৰ পৰিকল্পনা বিজেপিৰ। অন্ধ্ৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সভাপতি ছ’মু ভীৰাজুৱে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ সুৰা প্ৰেমী ৰাইজক লক্ষ্য কৰি লৈছে।

অন্ধ্ৰ প্ৰদেশৰ বিজেপিৰ ৰাজ্যিক সভাপতি ছ’মু ভীৰাজুৱে সুৰা প্ৰেমী ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে যদি বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে ৰাজ্যখনৰ সুৰা প্ৰেমী ৰাইজে ৭০ টকাৰ ভাল সুৰা লাভ কৰিব। আৰু যদিও ৰাজহৰ পৰিমাণ হ্ৰাস কৰা হয় তেন্তে মূল্য ৫০ টকা হ’ব।

বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে এখন জনসভাত এই মন্ত্যব প্ৰকাশ কৰে। ৰাজ্যখনত প্ৰায় ১ কোটি লোকে সুৰা পান কৰে আৰু এই ১ কোটি লোকে ২০২৪ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক ভোট দিলে সুৰাৰ দাম হ্ৰাস কৰা হ’ব।

লগতে পঢ়ক  :  ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ২০ জানুৱাৰীত

ৰাজ্যখনৰ ১ কোটি সুৰা পান কৰা লোকৰ প্ৰতিজনে মাহত ১২ হাজাৰ টকাৰ সুৰা ক্ৰয় কৰে বুলিও কয় বিজেপিৰ সভাপতি গৰাকীয়ে। গতিকে বিজেপি শাসনলৈ আহিলে ৭০ টকাত ভাল সুৰা যোগান ধৰা হ’ব। আৰু ৰাহজৰ পৰিমাণ হ্ৰাস কৰিলে ৫০ টাকাতে পাব সুৰাৰ এটা কোৱাৰ্টাৰ বুলিও কয় বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply