নিউজ ডেস্কঃ ফাষ্টফুড হয়তো সৰুৰ পৰা ডাঙৰলৈকে সকলো লোকৰে প্ৰিয়। আবেলি হ’লেই ফাষ্টফুডৰ ষ্টল সমূহত অগণন লোকৰ ভিৰ। পিছে ফাষ্টফুড খাইয়ে এইবাৰ লাভ কৰক ২০,০০০টকা।

এই অফাৰ আগবঢ়াইছে দিল্লীৰ মডেল টাউনৰ পথৰ দাঁতিত থকা এখন ফাষ্টফুডৰ ষ্টলে। ২০,০০০ টকা লাভ কৰিবলৈ আপুনি ২০ মিনিটত খাই শেষ কৰিব লাগিব প্ৰায় ১০ কেজি ওজনৰ এটা ৰোল।

The Food Cult নামৰ এটা ইনষ্টাগ্ৰাম পেজে এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ পাছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ভিডিঅ’।

এই ৰোলটো বনাবলৈ ৩০টা কণী ব্যৱহাৰ কৰা হৈছে। food vlogging পেজটোত ৰোলটো কেনেদৰে বনোৱা হৈছে সম্পূৰ্ণ ভাৱে দেখুওৱা হৈছে। এই ৰোলটো ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ ৰোল হ’ব।

এই ভিডিঅ’টো এতিয়ালৈকে সামাজিক মাধ্যমত ৯ মিলিয়নতকৈও অধিক লোকে প্রত্যক্ষ কৰিছে। বহুতে ভিডিঅ’টো চাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কোনোৱে লিখিছে, ”বাহুবলী ৰোল”, কোনোৱে কৈছে, ” ২০,০০০টকা জিকিব পাৰিম কিন্তু দুদিন ধৰি একো নোখোৱাকৈ থাকিব লাগিব।”

কোনোৱে এই চেলেঞ্জটো এবাৰ চেষ্টা কৰি চাবলৈও ইচ্ছা প্ৰকাশ কৰিছিল। আনকি কিছুমানে লিখিছে যে এই ৰোলটো খোৱাৰ পিছদিনা ৰাতিপুৱা আপুনি সমস্যাৰো সন্মুখীন হ’ব পাৰে।

লগতে পঢ়কঃশিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ লাগে যদি নগাৱৰ মধুপুৰলৈ আহক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,319 other subscribers

Leave a comment

Leave a Reply