নিউজ ডেস্কঃ আইআইটি, কানপুৰৰ গৱেষকসকলে বহু উচ্চতাত অৱস্থিত অঞ্চলসমূহৰ উদ্ভিদৰ বাবে সৌৰশক্তি আধাৰিত এক ৰুট জ’ন হিটিং ছিষ্টেম আৰু বাৰ্মি বেড পদ্ধতি বিকশিত কৰিছে। আইআইটি, কানপুৰৰ গৱেষকসকলৰ মতে, সতেজ পাচলি তথা কৃষিজাত সামগ্ৰীৰ অভাৱ আৰু লাডাখৰ দৰে সাগৰপৃষ্ঠৰ পৰা বহু বেছি উচ্চতাৰ অঞ্চলসমূহত কাৰ্যকৰী জৈৱিক আৱৰ্জনা ব্যৱস্থাপনাৰ অভাৱৰ প্ৰতি দৃষ্টি ৰাখি গৱেষকসকলে এই পদ্ধতি বিকশিত কৰিছে।

ইফালে, আইআইটি, কানপুৰৰ সঞ্চালক অভয় কাৰান্দিকাৰে কয়- ”সতেজ উৎপাদন আৰু জৈৱিক আৱৰ্জনা ব্যৱস্থাপনা উপলব্ধ হোৱাৰ ক্ষেত্ৰত বহু উচ্চতাৰ এলেকাবোৰে কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি কৰে। বিশেষকৈ আমাৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে। যাৰ ফলত তেওঁলোকৰ দৈনন্দিন আহাৰত যথেষ্ট পৰিমাণৰ সতেজ উৎপাদনৰ প্ৰয়োজন হয়। কিন্তু জলবায়ু আৰু বতৰৰ পৰিস্থিতিৰ বাবে সম্পূৰ্ণ বছৰটোতে সতেজ উৎপাদন লাভ কৰাটো কঠিন।”

তেওঁ লগতে কয়, “সেয়েহে, আমাৰ প্ৰতিষ্ঠানত দলটোৱে বিকশিত কৰা ৰুট জ’ন হিটিং চিষ্টেম আৰু বাৰ্মি বেড পদ্ধতিৰ এই নতুন প্ৰযুক্তি হৈছে বিশেষকৈ আমাৰ প্ৰতিৰক্ষা বাহিনীক সতেজ পাচলি যোগানৰ সৈতে নিয়োজিত কৰাত সহায় কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু জৈৱিক আৱৰ্জনা কাৰ্যকৰীভাৱে হ্ৰাস কৰাৰ সমাধান।”

গৱেষকৰ দলটোৰ মতে- প্ৰযুক্তিৰ মূল আধাৰ হৈছে পাচলিৰ এক গ্ৰীণ হাউছ খেতি আৰু উদ্ভিদৰ শিপা থকা ঠাইখিনি গৰম কৰাৰ ব্যৱস্থা কৰা। সৌৰশক্তিৰে দ্বাৰা গৰম কৰা পানী কঢ়িয়াই মাটিৰ তলত গেলভেনাইজড আইৰণ চমুকৈ জিআই পাইপৰ নেটৱৰ্ক স্থাপন কৰি আৰু তাপ স্থানান্তৰ কৰিবলৈ পুতি থোৱা জিআই পাইপৰ সৈতে এলুমিনিয়াম শ্বিট ফিনছ একত্ৰিত কৰি ৰুট জ’ন হিটিং বৈজ্ঞানিকভাৱে অধ্যয়ন আৰু আৰ্হি প্ৰস্তুত কৰা হয়।

ইফালে, আইআইটি, কানপুৰৰ অধ্যাপিকা অনুভা গোয়েলে কয়- “এই প্ৰযুক্তিটো ক্ষেত্ৰ পৰীক্ষা কৰা হৈছিল, যিয়ে এক সুৰক্ষিত পৰিৱেশত ভাল মানদণ্ডৰ পাচলি উৎপাদন কৰা দক্ষ সমাধান প্ৰদান কৰিছিল। তদুপৰি বহু উচ্চতা থকা এলেকাবোৰৰ বাবে ফলাফল প্ৰক্ষেপ কৰা হৈছিল, য’ত তাপমাত্ৰা -১৫ ডিগ্ৰী চেলচিয়াছ বা তাতকৈ তললৈ যায়।” লগতে আৱৰ্জনা নিষ্কাষণৰ সমস্যাটো সমাধান কৰিবলৈ বাৰ্মিকম্পোষ্টিঙৰ দ্বাৰা জৈৱিক আৱৰ্জনাৰ স্থানত শোধন এটা গাঁতত পলি হাউছৰ ভিতৰত কৰা হৈছিল, য’ত পুতি থোৱা ৰবৰৰ পাইপৰ মাজেৰে গৰম পানী চলাই বাৰ্মি-বেডলৈ অতিৰিক্ত তাপ প্ৰদান কৰা হৈছিল বুলি তেওঁ কয়।

আনহাতে, এম.টেকৰ ছাত্ৰ অংশুল ৰাৱাটে কয়- ”এই প্ৰযুক্তিয়ে এক সহজীৱী প্ৰণালী বিকশিত কৰিছে যি কেৱল শীতকালত বহু উচ্চতাত থকা অঞ্চলত সতেজ খাদ্য যোগান বৃদ্ধি কৰাৰ লগতে প্ৰায় শূন্য আৱৰ্জনা উৎপাদনৰ বাবে সমাধানো প্ৰদান কৰে। এই প্ৰযুক্তিয়ে সৌৰ-পৰিচালিত ৰুট জ’ন গৰম কৰাৰ সৈতে গ্ৰীণ হাউছৰ দৰে সুৰক্ষিত পৰিৱেশত আকাংক্ষিত পাচলি খেতি কৰি সতেজ খাদ্য যোগানৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে স্বাৱলম্বী কৰি সাগৰপৃষ্ঠৰ পৰা বহু ওখ অঞ্চলত নিয়োজিত আমাৰ সৈনিক সকলক সহায় কৰিব পাৰে।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply