কোভিৰেপ

কোৰোনা ভয়াবহ ৰূপত সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত কোৰোণাৰ টেষ্টিঙৰ ক্ষেত্ৰতো সমস্যা দেখা দিছে। বৰ্তমান সময়ত প্ৰায় ২৪ ঘণ্টা সময় লাগে এটা ৰিপ’ৰ্ট দিয়াৰ ক্ষেত্ৰত।

ইয়াৰ ফল বাৰুকৈয়ে ভুগিবলগীয়া হৈছে ৰোগীয়ে। সময়ত ৰিপ’ৰ্ট নহাৰ ফলত ৰোগীয়ে বেলেগৰ দেহলৈ বিয়পাইছে ৰোগ। এই সমস্যাৰ সমাধান দিছে খড়গপুৰ আই আই টিৰ এদল গবেষক ছাত্ৰই।

আবিষ্কাৰ কৰিছে কোৰোণা টেষ্টিং কিট। যাৰ সহায়ত মাত্ৰ ৪৫ মিনিটতে পোৱা যাব কোৰোণাৰ ফলাফল।

ভাৰতত কোৰোনা সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পিছৰ পৰাই খড়গপুৰ আই আই টিৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক সুমন চক্ৰবৰ্তী আৰু চুমন মন্ডলৰ অধীনত তেওলোকৰ গবেষক সকলে ইয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছিল । দীৰ্ঘদিনৰ গবেষণাৰ পিছত তেওলোকে এই যন্ত্ৰটো নিৰ্মাণ কৰি উলিয়াইছে।

যন্ত্ৰটোৰ নাম হৈছে কোভিৰেপ ।এই যন্ত্ৰৰ দ্বাৰা ৰাইবো নিউক্লিক এচিড বা RNA পৰীক্ষা কৰি শুদ্ধ ফলাফল দিব পাৰে বুলি কোৱা হৈছে । ইয়াক বিক্ৰিৰ বাবেও অনুমোদন দিয়া হৈছে ।

শিক্ষানুষ্ঠান খনৰ সঞ্চালক অধ্যাপক ভি কে তিৱাৰীয়ে প্ৰকাশ কৰা মতে ব্যবসায়িক ভাবে এই মেচিন নিৰ্মাণ কৰাৰ বাবে Rapid Diagnostic Group of Companies, India and Bramerton Holdings LLC, USA পৰা লাইন্সেচ লাভ কৰিছে। এই মেচিন উপলব্ধ হ’লে বৰ্তমান পৰিস্থিতিৰ বহুখিনি সমস্যাৰ উপসম হ’ব বুলি আশা কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply