ৰূপক গোস্বামী: অৰ্কিডৰ অবৈধ কৃষিকাৰ্য আৰু ব্যৱসায়ে ভাৰতৰ অৰ্কিডসমূহৰ সন্মুখত সংকট নমাই আনিছে। ভাৰতত পোৱা অৰ্কিডৰ ১২৫৬ বিধ প্ৰজাতিৰ ভিতৰত ৩০৭ হৈছে স্থানীয় প্ৰজাতিৰ অৰ্কিড, কিন্তু ইয়াৰে মাত্ৰ ১১ বিধ অৰ্কিডহে ১৯৭২ চনৰ বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ অধীনত সুৰক্ষিত অৰ্ডিডৰ ভিতৰত পৰে।

অবৈধ ব্যৱসায়ে অনা ভাবুকিৰ পৰা অৰ্কিডসমূহক সুৰক্ষা দিয়া আৰু ১১ বিধ সুৰক্ষিত অৰ্কিডক চিনাক্ত কৰাৰ বাবে এনফৰ্চমেন্ট বিষয়াসকলৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে TRAFFIC আৰু WWF- ইণ্ডিয়াই যুটীয়াভাৱে ব্যৱসায় বা আন যিকোনো ধৰণৰ ব্যৱহাৰৰ নিষেধাজ্ঞা থকা অৰ্কিডৰ প্ৰজাতিসমূহৰ ওপৰত এখন পোষ্টাৰ প্ৰস্তুত কৰি ওলিয়াইছে।

বুধবাৰে ‘হিমালয় বচাওক দিৱস’ৰ প্ৰাকক্ষণত উক্ত পোষ্টাৰখন মুকলি কৰা হয়। উল্লেখযোগ্য হিমালয়ৰ পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ৯ ছেপ্টেম্বৰৰ দিনটো ভাৰতত ‘হিমালয় বচাওক দিৱস’ হিচাপে উদযাপন কৰা হয়।

ভাৰতৰ সমগ্ৰ হিমালয় অঞ্চল অৰ্কিডৰ ক্ষেত্ৰত যথেষ্ট চহকী, বিশেষকৈ পূব হিমালয় পৰ্বতমালাত অৰ্কিডৰ সৰ্বাধিক বৈচিত্ৰ পোৱা যায়। 

১৯৭২ চনৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, CITES (পৰিশিষ্ট ১), আৰু ভাৰতৰ EXIM নীতিৰ অধীনত স্বীকৃত অৰ্কিডৰ প্ৰজাতিসমূহৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা আছে।

উল্লেখযোগ্য যে ভাৰতত মূলত পৰম্পৰাগত ঔষধত ব্যৱহাৰৰ লগতে খাদ্য হিচাপে অৰ্কিডৰ অবৈধ ব্যৱসায় চলি আহিছে। বিভিন্ন উদ্দেশ্যত অৰ্কিডৰ বৰ্ধিত চাহিদাৰ ফলত যধেমধে অৰ্কিডৰ খেতি কৰি অহা হৈছে।

চলিত বৰ্ষৰ মে মাহত আন্তৰ্জাতিক জৈৱবৈচিত্ৰ দিৱসত TRAFFIC আৰু WWF-ইণ্ডিয়াই ‘Orchids: Factsheet on India’s orchids in illegal wildlife trade’ শীৰ্ষক এখন ফেক্টশ্বীট প্ৰকাশ কৰিছিল।

লগতে পঢ়ক – Bhupen Hazarika Birth Anniversary: শ্বিলং পিকত এটা ভেড়া চৰোৱা ল’ৰাৰ পৰাই সৃষ্টি হৈছিল ‘তোমাৰ উশাহ কহুৱা কোমল’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply