যোগগুৰু বাব ৰামদেৱৰ ওপৰত এক হাজাৰ কোটি টকাৰ মানহানিৰ গোচৰ লগাইছে ইণ্ডিয়ান মেডিকেল এচোছিয়েছন (আইএমএ)-য়ে।
এলোপেথি চিকিৎসা আৰু এলোপেথিক চিকিৎসকক লৈ যোগগুৰুজনে কৰা বিতৰ্কিত মন্তব্যৰ বাবে ইণ্ডিয়ান মেডিকেল এচোছিয়েছন তেওঁক অহা ১৫ দিনৰ ভিৰতৰত ক্ষমা খুজিবলৈ দাবী জনায়।
ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৯ ধাৰাৰ অধীনত ইণ্ডিয়ান মেডিকেল এচোছিয়েছন (আইএমএ)ৰ উত্তৰাখণ্ড শাখাই ৰামদেৱলৈ পঠোৱা ৬ পৃষ্ঠাৰ এখন জাননিত তেওঁ এলোপেথি সম্পৰ্কে কৰা মন্তব্য অপমানজনক বুলি উল্লেখ কৰে।
পত্ৰখনত ৰামদেৱক এটা ভিডিঅ’ বাৰ্তাযোগে তেওঁ কৰা বিতৰ্কিত মন্তব্যবিলাকৰ বাবে ক্ষমা খুজি আৰু সেইসমূহ খণ্ডণ কৰি সকলো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈ কোৱা হয়।
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ বিধায়কক ‘চাইনীজ’ আখ্যা; কি উপদেশ দিলে বডিউডৰ অভিনেতাই?
উল্লেখযোগ্য ৰামদেৱে বিভিন্ন সামাজিক মাধ্যমত দিয়া এক ভিডিঅ’ত ‘এলপেথিক দৰৱৰ ফলত ক’ভিডত আক্ৰান্ত লাখ লাখ লোকৰ মৃত্যু হোৱা’ বুলি কৈছিল।
উক্ত ক্লিপটোক লৈ চিকিৎসক সংস্থাৰ ব্যাপক প্ৰদিবাদৰ ফলত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে যোগগুৰু গৰাকীক নিজৰ বক্তব্য উঠাই ল’বলৈ অনুৰোধ জনায়।
দেওবাৰে ৰামদেৱে উক্ত ভিডিঅ’টো উঠাই ল’বলৈ বাধ্য হয় যদিও ইয়াৰ এদিন পিছতে তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত ইণ্ডিয়ান মেডিকেল এচোছিয়েছনলৈ ২৫ প্ৰশ্ন সম্বলিত এখন ‘মুকলি পত্ৰ’ আগবঢ়ায়। য’ত তেওঁ এলোপেথিয়ে হাইপাৰটেনশ্যন আৰু টাইপ-১ আৰু টাইপ-২ ডায়েবেটিছ স্থায়ীভাৱে নিৰ্মূল কৰিব পাৰিছে নেকি বুলি প্ৰশ্ন কৰে।
ইণ্ডিয়ান মেডিকেল এচোছিয়েছনে উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী তিৰথ সিং ৰাৱাটকো ৰামদেৱৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ দাবী জনাইছে।