নিউজ ডেস্কঃ ব্ৰিটেইনৰ সদনত প্ৰথমবাৰৰ বাবে ভাষণ দিলে এটা ৰবটে। Ai-Da নামৰ ৰবটটোৱে সদনত হাউচ অৱ লৰ্ডছক সম্বোধন কৰিছিল। আলোচনাৰ বিষয় আছিল কৃত্ৰিম বুদ্ধিমত্তা (এআই) creative industryৰ বাবে ভাবুকি নেকি? কিন্তু আলোচনাটো আৰম্ভ হোৱাৰ লগে লগে ৰবটটো sleeping mode ত গুচি গৈছিল। এই কাৰিকৰী সমস্যাৰ সন্মুখীন লগে লগে আলোচনাটো ৰিবুট কৰি আগুৱাই নিয়া হৈছিল।
ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, ৰবটটোৱে যোগাযোগ আৰু ডিজিটেল সমিতিৰ সদস্যসকলৰ সৈতে কথা পাতি আছিল সেই ৰবটো কাৰিকৰী বিজুতি সংঘটিত হয়। পৰৱৰ্তী সময়ত ৰবটটো আইডান মেইলাৰে ৰিবুট কৰি আলোচনাটো আগুৱাই লৈ গৈছিল। ২০১৯ চনত Ai-Da নামৰ এই ৰবটটোক আইডান মেইলাৰে নিৰ্মাণ কৰিছিল।
আলোচনাৰ সময়ত, যোগাযোগ আৰু ডিজিটেল সমিতিৰ সদস্যসকলে ৰবটটোক সুধিছিল আপুনি কেনেদৰে কলা সৃষ্টি কৰে আৰু এইবোৰ মানুহে কৰা কামতকৈ কেনেদৰে পৃথক। ইয়াৰ প্ৰত্যুত্তৰত, ৰবটটোৱে কৈছিল যে তেওঁৰ চকুত স্থাপন কৰা কেমেৰাৰ সহায়ত চিত্ৰবোৰ ব্যৱহাৰ কৰিব পাৰে।
ৰবটটোৱে কৈছিল যে মই জীৱিত নহয় তথাপিও কলাৰ সৃষ্টি কৰিব পাৰো। ব্ৰিটেইনৰ সাংসদ সকলক ৰবটটোৱে পুনৰ কৈছিল যে কলা সৃষ্টিত প্ৰযুক্তিৰ ভূমিকা বাঢ়ি গৈ থাকিব। যিধৰণৰে আমি কলাৰ সৃষ্টি কৰো প্ৰযুক্তিয়ে ইতিমধ্যে যথেষ্ট প্ৰভাৱ পেলাইছে। কলাৰ সৃষ্টিৰ বিষয়ে মন্তব্য আগবঢ়াই ৰবটটোৱে লগতে কয় যে কলাত চিত্ৰ অংকনৰ পৰা আৰু কবিতালৈকে বহুতো বস্তু থাকিব পাৰে সেই সকলোবোৰ তেওঁ অনুশীলন কৰে।
লগতে কৈছিল যে তেওঁ তেওঁৰ চকুত স্থাপন কৰা কেমেৰা, এআই এলগৰিথম আৰু ৰবটিক বাহুৰ সহায়ত চিত্ৰবোৰ কেনভাচত ৰং কৰে।
Ai-Da নামৰ ৰবটটোৱে ব্ৰিটেইনৰ প্ৰয়াত ৰাণী দ্বিতীয় এলিজাবেথৰ প্ৰতিকৃতিও নিৰ্মাণ কৰিছিল। ব্ৰিটিছ সাংসদসকলৰ Ai-Daৰ যুক্তিত যথেষ্ঠ প্ৰভাৱিত হৈছিল।