নিউজ ডেস্কঃবোৰ্খা পৰিধান কৰা ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদানৰ ঘটনা সংঘটিত হৈছে। কৰ্ণাটকত হিজাব পৰিধানৰ পক্ষত আৱেদন কৰা দুগৰাকী ছাত্ৰীক বোৰ্খা পৰিধান কৰি পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হোৱা নাই।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে ছাত্ৰী দুগৰাকীয়ে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈয়ে উভতি আহে মহাবিদ্যালয়ৰ পৰা। ছাত্ৰী দুগৰাকীয়ে শ্ৰেণী কোঠাত হিজাব পৰিধান কৰি প্ৰৱেশ কৰাৰ বাবে অনুমতি বিচাৰি আৱেদন দিছিল। আজিও তেওঁলোকে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বোৰ্খা পৰিধান কৰি অৱতীৰ্ণ হ’বলৈ অনুমতি বিচাৰি আৱেদন কৰে।

আলিয়া অছদী আৰু ৰেচম নামৰ ছাত্ৰী দুগৰাকীয়ে ওড্ডপীৰ বিদ্যোদয় পী ইউ কলেজত পৰীক্ষা দিবৰ বাবে নিজৰ হল টিকট লৈ বোৰ্খা পৰিধান কৰি পৰীক্ষা দিবলৈ গৈছিল। তেওঁলোকে প্ৰায় ৪৫ মিনিট সময় পৰ্যবেক্ষক আৰু কলেজৰ অধ্যক্ষৰ ওচৰত অনুৰোধ কৰে।

কিন্তু তেওঁলোকে এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰিলে। আৰু অৱশেষত দুয়ো গৰাকী ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈ ঘৰলৈ উভতি যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply