নিউজ ডেস্ক: অৱশেষত অন্ত পৰিল কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ২০২৩ ৰ ভোটদান প্ৰক্ৰিয়া। বুধবাৰে বিয়লি ৬ বজাত সম্পন্ন হয় কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটদান।
তথ্য অনুসৰি,এইবাৰ ভোটদানৰ হাৰ ৭২.৮১ শতাংশ । বিগত ২০১৮ চনত ৭২.১৩ শতাংশ ভোটদান সম্পন্ন হৈছিল। ইয়াৰ বিপৰীতে এইবাৰ ভোটাৰৰ হাৰ ০.৬৮ শতাংশ লৈ বৃদ্ধি পাইছে।
সমগ্ৰ ৰাজ্যতে প্ৰথমবাৰৰ বাবে ভাল সঁহাৰি আহিছে । এইবাৰ প্ৰথমবাৰৰ বাবে যুৱ ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে । এইবাৰ ৰাজ্যখনত মুঠ ১১,৭১,৫৫৮ জন যুৱ ভোটাৰে ভোটদান কৰিছে ।
উল্লেখ্য যে ৰাজ্যখনৰ ২২৪ টা সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ অনুষ্ঠিত হয়।