নিউজ ডেস্কঃ সকলোৱে বিবাহৰ অনুষ্ঠানৰ আনন্দ উপভোগ কৰাত ব্যস্ত আছিল সেই সময়তে সংঘটিত হয় শোকাবহ ঘটনাটো।

বিবাহৰ অনুষ্ঠানৰ মাজতে দুৰ্ভাগ্যক্ৰমে শিশুসহ ১৩জন লোক কুঁৱাত পৰি মৃত্যু হয়। এই ঘটনাটো বুধবাৰে নিশা ৮বাজি ৩০মিনিটত উত্তৰ প্ৰদেশৰ কুশীনগৰৰ নেবুৱা নৌৰংঙিয়াত সংঘটিত হৈছিল।

মৃতসকলৰ ভিতৰত সাতগৰাকী মহিলা আৰু ছয়গৰাকী কিশোৰীসহ এটি এবছৰীয়া কেঁচুৱাও আছে।

জানিব পৰা মতে, মহিলা আৰু কিশোৰীকেইগৰাকীয়ে এটা পুৰণি কুঁৱা ঢাকি থোৱা শ্লেবত বহি আছিল। শ্লেবটো ওজনৰ হেঁচাত তললৈ খহি পৰিছিল আৰু বহি থকাসকল কুঁৱাটোত পৰি গৈছিল।

ততাতৈয়াকৈ তেওঁলোকক কুঁৱাটোৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও ১৩ জন লোকক ইতিমধ্যে চিকিৎসকে মৃত ঘোষণা কৰা কৰে। ঘটনাটোত দুজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

এই দুৰ্ঘটনাত নিহত হোৱা সকলৰ পৰিয়াললৈ জিলা দণ্ডাধীশে ৪লাখ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়াইছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা হৃদয়বিদাৰক বুলি অভিহিত কৰি মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। লগতে আহত সকলৰ শীঘ্ৰে আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই দুৰ্ঘটনাটোৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক আহতসকলৰ সঠিক চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত সহায় কৰিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়কঃবিশিষ্ট উদ্যোগপতি ৰতন টাটাক ‘অসম বৈভৱ’ বঁটা প্ৰদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,472 other subscribers

Leave a comment

Leave a Reply Cancel reply