নিউজ ডেস্ক: International Court of Justice -ত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান কৰিলে ভাৰতৰ ন্যায়াধীশে। ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতখনত ভাৰতক প্ৰতিনিধিত্ব কৰা ন্যায়াধীশ দলভিৰ ভাণ্ডাৰিয়ে ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে ভোটদান কৰে।

উল্লেখযোগ্য যে বুধবাৰে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতখনে ৰাছিয়াক ইউক্ৰেইনৰ বিৰুদ্ধে চলাই অহা আক্ৰমণত ‘গভীৰ উদ্বেগ’ প্ৰকাশ কৰি ইয়াক বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতৰ উক্ত নিৰ্দেশৰ প্ৰতি ১৩ গৰাকী ন্যায়াধীশে সমৰ্থন আগবঢ়োৱাৰ বিপৰীতে দুজনে ইয়াৰ বিপক্ষে ভোটদান কৰে। বিপক্ষে ভোটদান কৰা সকলৰ ভিতৰত আছে ৰাছিয়াৰ Kirill Gevorgian আৰু চীনৰ ন্যয়াধীশ Xue Hanqin।

আমেৰিকাই International Court of Justice -ৰ উক্ত নিৰ্দেশক আদৰণি জনোৱাৰ লগতে ৰাছিয়াক শীঘ্ৰেই ইউক্ৰেইনত সামৰিক অভিযান বন্ধ কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক – প্ৰবল ভূমিকম্পই জোকাৰি গ’ল জাপানক; ২ জনৰ মৃত্যু, আহত বহুজন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply