নিউজ ডেস্কঃ দিল্লী আৰু মুম্বাইস্থিত সংবাদ প্ৰতিষ্ঠান বিবিচি ৰ কাৰ্যালয়ত  আয়কৰ বিভাগৰ অভিযান। ১৫ জনীয়া আয়কৰ বিভাগৰ বিষয়াই কাৰ্যালয় দুটাত মঙলবাৰে অভিযান চলাই ।

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আন্তৰ্জাতিক কৰ আৰু মূল্য স্থানান্তৰ নিৰ্ধাৰণৰ অভিযোগৰ সৈতে সম্পৰ্কিত বাবে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে।

পিটিআইক আইকৰ বিভাগৰ বিষয়া সকলে জনাই যে, বিভাগটোৱে সংবাদ প্ৰতিষ্ঠানটোৰ ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত নথিপত্ৰ সমূহ পৰীক্ষা কৰিছে।  

আন এক সূত্ৰৰ তথ্য অনুসৰি আয়কৰ বিভাগৰ বিষয়াসকলে সংবাদ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী সকলৰ মোবাইল ফোন জমা লৈছে।

ভাৰতীয় জাতীয় কংগ্ৰেছে নিজৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা টুইট কৰি লিখে যে, “প্ৰথমে বিবিচিৰ তথ্য চিত্ৰত নিষিদ্ধকৰণ কৰা হ’ল। এতিয়া বিবিচিৰ অফিচত আই টি ৰ অভিযান । ই অযোষিত জৰুৰীকাল”।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদী ২০০২ ত গুজৰাটত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত  ৰাজ্যখনত এক অতি বেছি বিশৃংখলতা পৰিৱেশ সৃষ্টি হৈছিল । তাৰ ওপৰত ভিত্তি কৰিয়ে বিবিচি য়ে “India: The Modi Question” নামেৰে তথ্য চিত্ৰ নিৰ্মাণ  কৰিছিল। কিন্তু ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ওপৰত এক মিছা অভিযোগেৰে নিৰ্মাণ কৰা হৈছে বুলি তথ্য  চিত্ৰখন সম্পূৰ্ণৰূপে ভাৰতত নিষিদ্ধ বুলি নিৰ্দেশনা জাৰি কৰে। তাৰ ওপৰত ভিত্তি কৰিয়ে আয়কৰ বিভাগে বিবিচি ৰ অফিচত অভিযান চলাইছে নেকি বুলি তাৰ এক এতিয়া বহুতৰে মাজত প্ৰশ্ন উত্থাপন হৈছে।

লগতে পঢ়ক – লোকসভাত আত্মহননৰ এক উদ্বেগজনক তথ্য প্ৰকাশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply