নিউজ ডেস্ক– বলীউদৰ চলচ্চিত্ৰ পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পন্নুৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান। দুয়োৰে ওপৰত কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈছে। মধু মনটেনাৰ বাসগৃহতো অভিযান চলালে আয়কৰ বিভাগে।

‘ফেণ্টম’ ফিল্মছ নামৰ কোম্পানীটোৰ কৰ ফাকিৰ অভিযোগত অনুৰাগৰ ঘৰত আয়কৰ বিভাগে এই তালাচী চলোৱা বুলি জানিব পৰা গৈছে।

বুধবাৰে মহাৰাষ্ট্ৰৰ মুঠ ২০ খনকৈ ঠাইত তালাচী অভিযান চলাই আয়কৰ বিভাগে। জানিব পৰা মতে অনুৰাগ কাশ্যপ আৰু তাপসী পন্নুৰ লগতে বলীউদৰ প্ৰযোজক বিকাশ বহেল আৰু প্ৰযোজক মধু মণ্টেনাৰ বাসগৃহ আৰু কাৰ্যালয়টো অভিযান চলালে আয়কৰ বিভাগে।

উল্লেখ্য যে এই ফেণ্টম ফিল্মছ নামৰ ছবি নিৰ্মাণকাৰী কোম্পানীটো ২০১৮ চনতে বন্ধ কৰি দিয়া হৈছিল। ২০১১ চনত ইয়াৰ আৰম্ভণি কৰিছিল এই চাৰি গৰাকী লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply