নিউজ ডেস্ক : অভিনেতা চনু সুদৰ কাৰ্যালয়ত আয়কৰ শাখাৰ দল। আয়কৰ শাখাই অভিনেতা গৰাকীৰ মুম্বাইৰ কাৰ্যালয়ৰ লগতে ৬ টা বিভিন্ন অঞ্চলত অভিযান চলাই বুলি জানিব পৰা গৈছে

উল্লেখ্য যে ক’ভিড মহামাৰীৰ প্ৰথমটো ঢৌৰ সময়ত অভিনেতা চনু সুদ দৰিদ্ৰ লোক সকলক সহায় কৰি ব্যাপক চৰ্চা লাভ কৰিছিল। অভিনেতা গৰাকীয়ে বৰ্তমানো দৰিদ্ৰ লোক সকলক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াই আছে।

লগতে পঢ়ক : এবিধ থলুৱাভাৱে প্ৰস্তুত নিমখ; দাম প্ৰতি কিলোত ১,২০০ টকা! ত্ৰিপুৰাৰ যুৱকৰ ব্যতিক্ৰমী ব্যৱসায়

অভিনয় জগত বিশেষকৈ ভিলেইনৰ চৰিত্ৰ ৰূপায়ন কৰা চনু সুদ সমাজৰ সেৱাৰ জৰিয়তে বাস্তৱ জীৱন হিৰো। ইয়াৰ মাজতে অভিনেতা গৰাকীক দিল্লী চৰকাৰে শিক্ষাৰ্থীৰ বাবে আৰম্ভ কৰা মেন্টৰশ্বিপ কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে চুক্তিবদ্ধ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply