নিউজ ডেস্কঃ দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৭,৩৩৬জন লোক।
উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ মাজৰ ভাগৰে পৰা ক্ৰমান্বয়ে এই সংক্ৰমণ দেশত বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। যি অতি চিন্তনীয়। ইফালে, ভাৰতত বৰ্তমান সময়ত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৮৮,২৮৪জন ৰোগী।
আনহাতে, নতুনকৈ কোৰোনাত আক্ৰান্ত এই সংখ্যাৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হোৱা ৫খন ৰাজ্যৰ ভিতৰত আছে ক্ৰমে- মহাৰাষ্ট্ৰত ৫২১৮জন, কেৰালাত ৩৮৯০জন, দিল্লীত ১৯৩৪জন , তামিলনাডুত ১০৬৩জন আৰু হাৰিয়ানাত ৮৭২জন লোক।