ভাৰতৰ এটা মিছাইল পাকিস্তানলৈ লক্ষ কৰি নিক্ষেপ কৰাৰ পাছত পাকিস্তানৰ ভূমিত বিস্ফোৰণ ঘটিছে । যোৱা ৯ মার্চত এই মিছাইলটো পাকিস্তানৰ ভূমিত বিস্ফোৰণ ঘটাৰ পাছত পাকিস্তানী সেনাই এই তথ্য সদৰি কৰিছে ।
ইতিমধ্যে ভাৰতে কাৰিকৰী বিজুতিৰ বাবেই এই মিছাইলটো নিক্ষেপ হল বুলি জনাইছে । সেনাৰ নিয়মিত অনুশীলন সময়তে কাৰিকৰী বিজুটিৰ ফলত মিছাইলটো পাকিস্তানৰ দিশে নিক্ষেপ হয় ।
পাকিস্তানৰ আকাশমাৰ্গৰ প্ৰায় ১০০ কি.মি. ভিতৰত মিছাইলটো বিস্ফোৰণ ঘটে । ইতিমধ্যে এই সন্দৰ্ভত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জৰুৰী ভাবে তদন্ত ঘোষণা কৰিছে ।