নিউজ ডেস্কঃ নেশ্যনেল হাইৱে অথৰিটী অৱ ইণ্ডিয়া চমুকৈ এনএইচএআইয়ে ৰচিছে এক বিশ্ব ৰেকৰ্ড। কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে- NHAI-য়ে গিনীজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। NHAI, ৰাজপথ ইনফ্ৰাকোন প্ৰাইভেট লিমিটেড আৰু জগদীশ কদমে ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৭৫ কিলোমিটাৰ পথচোৱা একেৰাহে নিৰ্মাণ কৰাৰ বাবে এই ৰেকৰ্ড গঢ়িছে।

মহাৰাষ্ট্ৰৰ অমৰাৱতী আৰু অকোলাৰ মাজৰ এই ৭৫ কিলোমিটাৰ পথ ৫৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই নিৰ্মাণ কাৰ্যৰে জড়িত সম্পূৰ্ণ দলটোক অভিনন্দন জ্ঞাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীয়ে টুইট কৰিছে।

উল্লেখ্য যে, ৩ জুনৰ পুৱা ৭.২৭ বজাৰ পৰা পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি দলটোৱে ৭ জুনৰ সন্ধিয়া ৫ বজাত সম্পূৰ্ণ ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো নিৰ্মাণ কৰি উলিয়ায়। ১০৫ ঘন্টা ৩৩ মিনিটত পথটো নিৰ্মাণ কৰাৰ পাছতে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় নেশ্যনেল হাইৱে অথৰিটী অৱ ইণ্ডিয়া আৰু সম্পূৰ্ণ দলটোৱে।

এই পথটো নিৰ্মাণৰ বাবে NHAIৰ প্ৰায় ৮০০ কৰ্মচাৰী-শ্ৰমিকৰ লগতে আন ৭২০ গৰাকী কৰ্মচাৰী-শ্ৰমিকেও কাম কৰিছিল। মন কৰিবলগীয়া যে, ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ছিংগল লেন পথটো টু-লেন ছল্ডাৰ পথৰ সমান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply