নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। এক ভাল খবৰ, দেশত ক্ৰমাৎ নিম্নগামী হ’বলৈ ধৰিছে ক’ভিড আক্ৰান্তৰ হাৰ। মঙলবাৰে ভাৰতত ৫০,৮৪৮ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৬৭ শতাংশ।

কালি মুঠ ১৯,০১,০৫৬ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।

বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০০,২৮,৭০৯ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৬,৪৩,১৯৪ গৰাকী।  

বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ২.১৪ শতাংশ।

লগতে পঢ়ক : সততাৰ প্ৰতীক গৃহৰক্ষী কৰ্মী বৰছিং বে’, বৃহৎ পৰিমাণৰ ঘোচ অস্বীকাৰ, জব্দ কৰিলে ১২ কোটি টকাৰ ড্ৰাগছ

যোৱা ২৪ ঘণ্টাত ১,৩৫৮ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৯০,৬৬০ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

মৃত্যু হোৱা ১,৪২২ গৰাকী লোকৰ ভিতৰত ৪৮২ গৰাকী মহাৰাষ্ট্ৰৰ, ১৯৪ গৰাকী তামিলনাডুৰ, ১৪১ গৰাকী কেৰেলাৰ আৰু ১৩৯ গৰাকী কৰ্ণাটকৰ।

উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৯.৪৬ কোটি লোকৰ ক’ভিডৰ টীকাকৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply