নিউজ ডেস্ক : বুধবাৰে ভাৰতত ৬৭,২২৪ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৩.৪৮ শতাংশ।
অৱশ্যে, কালিৰ তুলনাত মঙলবাৰে দেশত কম সংখ্যক (৬২,২২৪ ) লোক ক’ভিডত আক্ৰান্ত হৈছিল আৰু আক্ৰান্তৰ হাৰ আছিল ৩.৪৫ শতাংশ।
বুধবাৰে মুঠ ১৯,৩১,২৪৭ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।
লগতে পঢ়ক : ভাৰতীয় মাইক্ৰ’ ব্ল’গিং চাইট koo-এ আৰম্ভ কৰিলে অসমীয়া সেৱা
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯৭,০০,৩১৩ গৰাকী।
যোৱা ২৪ ঘণ্টাত ২,৩৩০ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৮১,৯০৩ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
ইয়াৰ উপৰি যোৱা ২৪ ঘণ্টাত ৩৮,৬৯২ গৰাকী ক’ভিড পজিটিভ ৰোগী সুস্থ হৈ উঠিছে।
উল্লেখযোগ্য এই পৰ্য্যন্ত দেশৰ ২৬,৫৫,১৯,২৫১ গৰাকী লোকক ক’ভিডৰ টীকাকৰণ কৰা হৈছে।