কোৰোনাৰ ভেকচিন

দেশত কোৰোনাৰ ভেকচিনক লৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে দেশত নতুন এটা ভেকচিন দিয়াৰ ক্ষেত্ৰত অনুমতি দিছে কেন্দ্ৰীয় চৰকাৰে | নতুন ভেকচিনটোৰ ক্ষেত্ৰত এতিয়াৰে পৰা দুটা পালি লোৱাৰ প্ৰয়োজন নহ’ব। ভেকচিনৰ এটা পালি লৈয়েই কোৰোনাৰ সৈতে যুঁজিব পাৰিব । অৱশ্যে তাৰ বাবে ভাৰতত নতুনকৈ অনুমোদন জনোৱা ‘জনছন এণ্ড জনছন’ৰ ভেকচিন গ্ৰহণ কৰিব লাগিব।

ভাৰত চৰকাৰে মাৰ্কিন ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘জনছন এণ্ড জনছন’ৰ ছিংগল ড’জ ক’ভিড প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদন জনাইছে। এই ভেকচিন গ্ৰহণ কৰিলে ব্যক্তিয়ে মাত্ৰ এটা ড’জ ললেই কোৰোনাৰ সৈতে যুঁজিবলৈ সক্ষম হ’ব।

এই বিষয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্যই টুইট কৰি এই বিষয়ে উল্লেখ কৰিছে। তেওঁ কৈছে ভাৰতত ‘জনছন এণ্ড জনছন’ৰ ছিংগল ড’জ ক’ভিড ভেকচিন দেশত জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন দিয়া হৈছে। উল্লেখ্য যে জনছন এণ্ড জনছনৰ ছিংগল ড’জ ভেকচিন প্ৰদানৰ অনুমতি প্ৰদান কৰাৰ লগে লগে দেশত অনুমোদিত ক’ভিড ভেকচিনৰ সংখ্যা ৫ টা হ’ল। জনছন এণ্ড জনছনৰ ছিংগল ড’জ ভেকচিনৰ বাহিৰে আন সকলোবোৰ ভেকচিন দুটা ড’জৰ।

লগতে পঢ়ক অলিম্পিকত পদক বিজয়ী ভাৰতীয়লৈ বিচিচিআইৰ আৰ্থিক অনুদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply