নিউজ ডেস্কঃ কৰোনা মহামাৰীৰ বাবে দুবছৰ ধৰি বন্ধ হৈ থকা ভাৰত-বাংলাদেশৰ মাজৰ ৰে’ল সেৱা পুনৰ ২৯ মে’ৰ পৰা আৰম্ভ হ’ব। ইয়াৰ উপৰিও ভাৰত আৰু বাংলাদেশৰ মাজত এখন নতুন ৰে’ল মিতালী এক্সপ্ৰেছও আৰম্ভ কৰা হ’ব। দুয়োখন দেশৰ মাজত ৰে’ল সেৱা আৰম্ভ কৰাৰ সন্দৰ্ভত ৰে’ল মন্ত্ৰালয়ে তথ্য প্ৰদান কৰিছে।
২৯ মে’ৰ পৰা পুনৰ চলিব বন্ধন এক্সপ্ৰেছ আৰু মৈত্ৰী এক্সপ্ৰেছ। ইয়াৰ পিছতেই ১ জুনত দুয়োখন দেশৰ ৰে’ল মন্ত্ৰীয়ে ৰে’ল ভৱনৰ পৰা ভাৰ্চুৱেলি মিতালী এক্সপ্ৰেছৰ যাত্ৰাৰ ফ্লেগ অফ কৰিব। অৱশ্যে যাত্রাৰ সময়ত যাত্রীসকলে পালন কৰিব লাগিব ক’ভিড বিধি।
উল্লেখ্য যে, কৰোনা মহামাৰীৰ পূৰ্বে ঢাকা-কলকাতা পথত সপ্তাহত পাঁচ দিন মৈত্ৰী এক্সপ্ৰেছ চলিছিল। খুলনা-কলকাতা পথত বন্ধন এক্সপ্ৰেছৰ চলাচল আৰম্ভ হোৱাৰ দুসপ্তাহ পাছতেই কৰোনা মহামাৰীৰ বাবে ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছিল।
উল্লেখ্য যে, বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যৌথভাৱে ২০২১ চনৰ মাৰ্চ মাহত ঢাকা নতুন-জলপাইগুৰি ৰে’ল চলাচলৰ আৰম্ভ কৰিছিল। দুয়োখন দেশৰে দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ উদ্দেশ্য দুয়োখন দেশৰ মাজত ৰে’ল চলাচল আৰম্ভ কৰিছিল।