নতুন দিল্লীঃ কোভিড-১৯ মহামাৰীৰ বাবে দুবছৰতকৈ অধিক সময় বন্ধ হৈ থকাৰ পাছত দেওবাৰৰ পৰা পুনৰ আৰম্ভ হ’ল ভাৰত-বাংলাদেশ সংযোগী যাত্ৰীবাহী ৰে’ল সেৱা। এতিয়ালৈকে দুয়োখন দেশে কোভিড-১৯ মহামাৰীৰ বাবে এই ৰে’ল সেৱা বন্ধ কৰি ৰাখিছিল। জানিব পৰা মতে, ২৯ মে’ৰ পৰা কলকাতা-খুলনা বন্ধন এক্সপ্ৰেছ আৰু ৩০ মে’ৰ পৰা ঢাকা-কলকাতা মৈত্ৰী এক্সপ্ৰেছ চলিব।
অৱশ্যে ১ জুনত নতুন জলপাইগুৰি ষ্টেচনত নিউ জলপাইগুৰি আৰু ঢাকাৰ মাজত চলিবলগীয়া মিতালী এক্সপ্ৰেছৰ ফ্লেগ অফ কৰা হ’ব। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু তেওঁৰ বাংলাদেশী সমকক্ষ মহম্মদ নুৰুল ইছলাম সুজন ভাৰ্চুৱেলী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
নতুন জলপাইগুৰিৰ পৰা চাংগ্ৰাবন্ধা আৰু ঢাকা হৈ মিতালী এক্সপ্ৰেছ চলিব। ইফালে, মৈত্ৰী এক্সপ্ৰেছ কলকাতাৰ পৰা ঢাকালৈ গেদে-দৰ্শন হৈ আৰু বন্ধন এক্সপ্ৰেছ পেট্ৰাপ’ল-বেনাপোল, কলকাতা আৰু খুলনা হৈ চলিব।
চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ হাছিনাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বাংলাদেশৰ ঢাকা আৰু পশ্চিমবংগৰ নিউ জলপাইগুৰি সংযোগী নতুন যাত্ৰীবাহী ৰে’ল নিউ জলপাইগুৰি-ঢাকা মিতালী এক্সপ্ৰেছৰ উদ্বোধন কৰে। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যাসচী দে’য়ে জনোৱা মতে, ভাৰতৰ নিউ জলপাইগুৰিৰ পৰা পুৱা ১১.৪৫ বজাত সপ্তাহত দুবাৰকৈ অৰ্থাৎ দেওবাৰ আৰু বুধবাৰে মিতালী এক্সপ্ৰেছ চলিব।