নিউজ ডেস্ক: ক’ভিড মহামাৰীৰ বাবে দুটা বছৰ বন্ধ হৈ থকাৰ পিছত আজিৰ পৰা ভাৰত আৰু বাংলাদেশৰ মাজত ট্ৰেইন চলাচল পুনৰ আৰম্ভ হৈছে। আজি কলিকতা ৰে’ল ষ্টেশ্যনৰ পৰা বাংলাদেশৰ খুলনালৈ বন্ধন এক্সপ্ৰেছ ট্ৰেইনখনে যাত্ৰা কৰে, ইষ্টাৰ্ন ৰে’লৱেৰ এগৰাকী বিষয়াই জনায়।

মৈত্ৰী এক্সপ্ৰেছ ট্ৰেইনখনেও দেওবাৰৰ পৰা কলিকতা আৰু ঢাকাৰ মাজত সেৱা আৰম্ভ হোৱাৰ কথা আছে।

আজি পুৱা ৭.১০ বজাত কলিকতা ৰে’লৱে ষ্টেশ্যনত বন্ধন এক্সপ্ৰেছ ট্ৰেইনখনে খুলনাৰ উদ্দেশ্যে মাৰে। বন্ধন এক্সপ্ৰেছ সপ্তাহত দুবাৰ চলাচল কৰাৰ বিপৰীতে কলিকতা আৰু ঢাকাৰ মাজত চলাচল কৰা মৈত্ৰী এক্সপ্ৰেছ সপ্তাহত পাঁচ দিন চলাচল কৰিব।

লগতে পঢ়ক – মাত্ৰ এমাহতেই লখিমপুৰ কৰ্কট হাস্পতালত অঘটন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply