নিউজ ডেস্ক : আয়োজক দেশ জাপানক পৰাস্ত কৰি চলিত টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় হকী দল। শুকুৰবাৰে দলটোৱে জাপানৰ হকী দলক ৫-৩ ব্যৱধানত পৰাস্ত কৰে।

অই হকী ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ খেলত ভাৰতৰ হৈ গুৰজন্ত সিঙে ২ টা গ’ল দিয়াৰ বিপৰীতে চামছেৰ সিং, নীলকান্ত শৰ্মা আৰু হৰমানপ্ৰীত সিঙে ১ টাকৈ গ’ল দিয়ে।

আজিৰ সৈতে একেৰাহে তিনিখন মেচত জয়লাভ কৰাৰ পিছত ভাৰত পুল এৰ দ্বিতীয় স্থানলৈ উন্নীত হয়। ৫খনৰ ভিতৰত ৪ খন মেচত জয়লাভ কৰা অষ্ট্ৰেলিয়া পুল এৰ প্রথম স্থানত আছে।

অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হোৱা ভাৰতৰ হকী দলটোৱে এতিয়া স্পেইন আৰু আৰ্জেণ্টিনাৰ পিছত জাপানক পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ৭-১ ব্যৱধানত পৰাস্ত হৈছিল।

উল্লেখযোগ্য যে প্ৰতিটো পুলৰ শীৰ্ষ চাৰিটা দলে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে।

আনহাতে টকিঅ’ অলিম্পিকত প্ৰথম জয় সাব্যস্ত কৰে ভাৰতীয় মহিলা হকী দলে । এইজয়ৰ দ্বাৰা কোৱার্টাৰ ফাইনেলত স্থান লাভ কৰাৰ আশা বর্তি থাকিল । ২৭ জুলাই ১৯৮০ৰ পোলেণ্ডৰ বিৰুদ্ধে ৪-০ ব্যৱধানত বিজয়ী হোৱাৰ পিছত মাজত ২০১৬ অলিম্পিক আৰু মুঠ ১১খন খেল অলিম্পিকত খেলাৰ পিছত আজিৰ দিনটোত অলিম্পিকত আয়াৰলেণ্ডক ১-০ ব্যৱানত পৰাস্ত কৰি ৪১ বছৰ পিছত অলিম্পিকৰ মহিলা হকীত জয়লাভ কৰে ভাৰতীয় মহিলা হকী দলে ।

লগতে পঢ়ক : অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ কেৰিয়াৰৰ ৫ টা বিশেষ হাইলাইট

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply