লালকিল্লাত ভাষণৰত অবস্থাত প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক: দেশৰ গৌৰৱোজ্জল ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ত্ৰিৰংগা পতাকা উত্তোলনৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে জাতিৰ পিতাৰ বাপুজীৰ সমাধিস্থল আৰু অমৰ জোৱান জ্যোতিস্থললৈ গৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
ভাষণৰ আৰম্ভণিতে মহামাৰি কোৰোণাত মৃত্যু হোৱা নাগৰিক, ডাক্টৰ, নাৰ্ছ, চফাইকৰ্মী, পেৰামেডিকেল কৰ্মী, আৰক্ষী, বিজ্ঞানী তথা এই মহামাৰীৰে যুঁজি মৃত্যুবৰণ কৰা প্ৰতিগৰাকী লোকলৈ সেৱা জনায়।

মোদীয়ে ভাষণত কয়, ‘‘ভাৰতে আজি নিজৰ যুঁজাৰু বিমান নিৰ্মাণ কৰি আছে, ছাবমেৰিন নিৰ্মাণ কৰি আছে, গগনযানো নিৰ্মাণ কৰি আছে। বিকাশৰ পথত আগবাঢ়ি ভাৰতে মেনুফেকচাৰিং আৰু এক্সপ’ৰ্ট, দুয়োটাক আগবঢ়াব লাগিব।

মোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ বাবে শক্তি খন্ডত স্বাধীনতা হোৱাটো অনিবাৰ্য। সেইবাবে আজি আমি সংকল্প ল’ব লাগিব যে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ভাৰত Energy Independent হৈ উঠে।
মোদীয়ে কয় যে জম্মু-কাশ্মীৰত এতিয়া বিকাশৰ ধ্বজা উৰিছে। তাত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ হৈছে আৰু অতি সোনকালেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
ভাষণ প্ৰসংগত মোদীয়ে উত্তৰপূবৰ ৰাজ্যসমূহৰ কথা উল্লেখ কৰি আগন্তুক দিনসমূহত উত্তৰপূবৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীক ৰে’ল লাইনেৰে সংযুক্ত কৰা হ’ব বুলি কয় মোদীয়ে।

লগতে পঢ়ক স্বাধীনতা দিৱসত সন্ত্ৰাসবাদী সংগঠনৰ পৰা কূটাঘাতৰ আংশকা; ‘হাই এলাৰ্ট’ জাৰি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply