নিউজ ডেস্কঃ দেশত কোৰোনাৰ সংক্ৰমণ সামান্য পৰিমানে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ২৮৯৭জন লোক। ইয়াৰ পাছতে বৰ্তমান সময়ত দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৯৪৯৪ গৰাকী ৰোগী।

ইফালে, ভাৰতত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২৯৮৬ গৰাকী লোক সুস্থ হৈছে। আনহাতে, এই সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত ৫৪ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ।

উল্লেখ্য যে, ৪৭২১৯০ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছে যোৱা ২৪ ঘন্টাত। দেশত প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.৬১ শতাংশ হোৱাৰ বিপৰীতে সাপ্তাহিক পজিটিভিটী হাৰ ০.৭৪ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply