নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৭৭৮জন লোক। বৰ্তমান সময়ত চাবলৈ গ’লে দেশত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩,০৮৭জন ৰোগী।
ইফালে, এতিয়া দেশত আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ আৰু যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ২৫৪২জন লোক।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত বৰ্তমানলৈকে ১৮১.৮৯ কোটি লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন। উল্লেখ্য যে, ২৪ ঘন্টাৰ এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ১০৪জন লোকে হেৰুৱাইছে প্ৰাণ।