নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে পুনৰ হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৬৭৫জন লোক। ইয়াৰ পাছতে দেশত এতিয়ালৈকে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৪৩১৪০০৬৮জনলৈ বৃদ্ধি পাইছে।

যোৱা কালিৰ সংখ্যাৰ তুলনাত আজি দেশত নতুনকৈ কোভিড-১৯ত আক্ৰান্তৰ হাৰ ১৭ শতাংশ কম। সোমবাৰে ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ২০২২জন। ইফালে, যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩১ গৰাকী লোকৰ।

ইফালে, এই সময়চোৱাত দেশত সুস্থ হোৱা লোকৰ সংখ্যা ১৬৩৫ গৰাকী। বৰ্তমানেও ভাৰতত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৪৮৪১ গৰাকী ৰোগী। উল্লেখ কৰাৰ প্ৰয়োজন যে, এতিয়াৰ সময়ত দেশত আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply