নিউজ ডেস্কঃ দেশত কোৰোনাৰ সংক্ৰমণ প্ৰতিদিনাই বৃদ্ধি পাই গৈ আছে। শনিবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩৬৮৮গৰাকী লোক।

ইয়াৰ পাছতে দেশত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪,৩০,৭৫,৮৬৪জনলৈ বৃদ্ধি পালে। ইফালে, যোৱা ২৪ ঘন্টাৰ সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত ৫০জন লোকে হেৰুৱালে প্ৰাণ।

তাৰ বিপৰীতে এই সময়চোৱাত সুস্থ হৈছে ২৭৫৫গৰাকী লোক। অৰ্থাৎ প্ৰতিদিনাই নতুনকৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা সুস্থ হোৱা লোকৰ সংখ্যাৰ তুলনাত অধিক।

উল্লেখযোগ্য যে, দেশত প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.৭৪ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.৬৬ শতাংশ হৈছেগৈ। আনহাতে, যোৱা ২৪ ঘন্টাত ৪৯৬৬৪০ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply