নিউজ ডেস্কঃ ভাৰতত কোৰোনাৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পাইছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৩০,৭৫৭জন লোক। এই সময়চোৱা ভাৰতত ৬৭৫৩৮জন লোক সুস্থ হোৱাৰ পাছতে বৰ্তমানলৈ আৰোগ্য লোকৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৪১৯১০৯৮৪জন।
ইয়াৰ বিপৰীতে এতিয়াও দেশত কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৩৩২৯১৮জন ৰোগী। তথ্য অনুসৰি, বৰ্তমান দেশত আৰোগ্যৰ হাৰ ৯৮.০৩ শতাংশ আৰু পজিটিভিটীৰ হাৰ ২.৬১ শতাংশ। যোৱা ২৪ ঘন্টাৰ সময়চোৱাত দেখা পোৱা গৈছে যে ৫৪১জন লোকে কোৰোনাত প্ৰাণ হেৰুৱাইছে।
আনহাতে, ৩৪,৭৫,৯৫১জন ভাৰতীয় নাগৰিকক কোভিড ভেকচিন যোৱা ২৪ ঘন্টাত প্ৰদান কৰাৰ পাছত দেশত বৰ্তমানলৈ কোভিড ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যা ১৭৪২৪৩৬২৮৮জনলৈ বৃদ্ধি পাইছে।