নিউজ ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ২৭৪৫জন লোক। তাৰ পূৰ্বে মঙলবাৰে এই সংখ্যা আছিল ২৩৩৮জন।

দেখা গৈছে যে, প্ৰতিদিনাই নতুনকৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ২২৩৬জন লোক।

আনহাতে, এই সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত ১৯জন লোকে হেৰুৱাইছে প্ৰাণ। উল্লেখযোগ্য যে, এতিয়াও দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে প্ৰায় ১৮ সহস্ৰাধিক লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply