নিউজ ডেস্কঃ ভাৰতত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ১০৫৪জন লোক। কোভিড-১৯ত নতুনকৈ আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, শনিবাৰে এদিনত ১১৫০জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছিল। আৰু আজি নতুনকৈ আক্ৰান্ত হৈছে ১০৫৪জন লোক।
ইফালে, যোৱা ২৪ ঘন্টাৰ সময়চোৱাত দেশত কোৰোনাত আক্ৰান্ত ২৯জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ভাৰতত বৰ্তমান সময়ত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১১৩২জন ৰোগী। তাৰ বিপৰীতে ভাৰতত এই সময়চোৱাত সুস্থ হৈছে ১২৫৮জন লোক। আৰু আৰোগ্যৰ হাৰ বৰ্তমান সময়ত ৯৮.৭৬ শতাংশ।
উল্লেখ্য যে, ভাৰতত প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.২৫ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.২৩ শতাংশ। ইফালে, যোৱা ২৪ ঘন্টাত ভাৰতত ৪১৮৩৪৫জন লোকৰ কোভিড টেষ্ট কৰা হৈছে।