নিউজ ডেস্কঃ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। দেশত যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ২১৮৩জন লোক। এই সংখ্যা যোৱা কালি আছিল ১১৫০জন। আৰু ১৬ এপ্ৰিলত আছিল ৯৭৫জন। অৰ্থাৎ প্ৰতিদিনা ভাৰতত কোভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।
যোৱা দুদিনত দিল্লী, উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাত কোৰোনাৰ সংক্ৰমণ তীব্ৰগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ২১৪ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। আৰু ইয়াৰে ২১৩ গৰাকী কেৰালাৰ আৰু এগৰাকী উত্তৰপ্ৰদেশৰ নাগৰিক।
উল্লেখ্য যে, বৰ্তমানলৈ দেশত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫২১৯৬৫গৰাকী লোকৰ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, এতিয়ালৈকে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ৭০ শতাংশৰ অন্য ৰোগতো আক্ৰান্ত হৈ আছিল।