নিউজ ডেস্কঃ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। প্ৰতিদিনাই নতুনকৈ আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে সুস্থ হোৱা লোকতকৈ অধিক। যোৱা ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৩৩০৩গৰাকী লোক। যোৱাকালিৰ তুলনাত এয়া ১২.৮ শতাংশ অধিক।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এই ২৪ ঘন্টাৰ সময়চোৱাত দেশত কোভিড-১৯ত আক্ৰান্ত ৩৯ গৰাকী লোকে হেৰুৱাইছে প্ৰাণ। ইফালে, এই সময়খিনিত কোৰোনাত আক্ৰান্ত হোৱা ২৫৬৩ গৰাকী লোক সুস্থ হৈছে। দেশত বৰ্তমান সময়ত আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ।
ইয়াৰ বিপৰীতে ভাৰতত প্ৰতিদিনৰ পজিটিভিটী হাৰ ০.৬৬ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.৬১ শতাংশ। ২৪ ঘন্টা ভাৰতত ৪৯৭৬৬৯গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে আৰু ৰাষ্ট্ৰীয় টীকাকৰণ অভিযানৰ অধীনত বৰ্তমানলৈ ১৮৮.৪০ কোটি লোকক কোভিড ভেকচিনৰ দুটাকৈ ড’জ প্ৰদান কৰা হৈছে।