নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। ভাৰতত যোৱা ২৪ ঘন্টাত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে ১৪২১জন লোক। ইয়াৰ পূৰ্বে শনিবাৰে এই সংখ্যা আছিল ১৬৬০জন।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাৰ সময়চোৱাত কোৰোনাত আক্ৰান্ত ১৪৯জন লোকে হেৰুৱাইছে প্ৰাণ।

ইফালে, বৰ্তমান সময়ত দেশত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১৬১৮৭জন ৰোগী। আনহাতে, সুস্থ হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত দেশত আৰোগ্য হৈছে ১৮২৬জন লোক।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য মতে, প্ৰতিদিনৰ পজিটিভিটী হাৰ ০.২৩ শতাংশলৈ হ্ৰাস পাইছে, আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.২৭ শতাংশ হৈছে। তাৰ বিপৰীতে আৰোগ্যৰ হাৰ ৯৮.৭৫ শতাংশলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, দেশজুৰি চলা টীকাকৰণ অভিযানৰ তথ্য অনুসৰি, ভাৰতত বৰ্তমানলৈ ১৮৩.২০ কোটি কোভিড ভেকচিন প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply