নিউজ ডেস্কঃ দেশত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ১১৫০ জন লোক। যোৱা কালি অৰ্থাৎ শনিবাৰৰ তুলনাত এই সংখ্যা বৃদ্ধি পাইছে। শনিবাৰে নতুনকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা আছিল ৯৭৫জন।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাৰ সময়চোৱাত ভাৰতত কোৰোনাত আক্ৰান্ত ৪জন লোকে হেৰুৱাইছে প্ৰাণ। এতিয়ালৈকে দেশত কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫ লাখ ২১ হাজাৰ ৭৫১জনলৈ বৃদ্ধি পাইছে।
ইফালে, দেশত বৰ্তমান সময়ত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৫৫৮জন ৰোগী। আনহাতে, ভাৰতত এতিয়াৰ সময়ত আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। আৰু যোৱা ২৪ ঘন্টাত দেশত সুস্থ হৈছে ৯৫৪জন লোক।
মন কৰিবলগীয়া যে, লাহে লাহে দেশত নতুনকৈ আক্ৰান্তৰ সংখ্যা প্ৰতিদিনাই সুস্থ হোৱা লোকৰ তুলনাত অধিক। বৰ্তমান দেশত প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.৩১ শতাংশ আৰু সাপ্তাহিক পজিটিভিটী হাৰ ০.২৭ শতাংশ হৈছেগৈ।