নিউজ ডেস্কঃ দেশত ক্ৰমান্বয়ে হ্ৰাস পাই গৈ আছে কোৰোনাৰ সংক্ৰমণ। যাৰ ফলত দেশত পুনৰ পূৰ্বৰ দৰে এক স্থিৰ পৰিৱেশ ঘূৰি অহা পৰিলক্ষিত হৈছে। ভাৰতত যোৱা ২৪ ঘন্টাত কোৰোনা আক্ৰান্ত হৈছে নতুনকৈ ৯৭৫জন লোক।
ইয়াৰ পাছতে দেশত এতিয়ালৈকে কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৪৩০৪০৯৪৭ জনলৈ বৃদ্ধি পাইছে। ইফালে, স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত কোৰোনাত আক্ৰান্ত ৪জন লোকৰ মৃত্যু হয়।
আনহাতে, এই সময়চোৱাত দেশত সুস্থ হৈছে ৭৯৬জন লোক। উল্লেখ্য যে, এতিয়াও ভাৰতত কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ১১৩৬৬জন ৰোগী। মন কৰিবলগীয়া যে, ভাৰতত বৰ্তমান সময়ত আৰোগ্যৰ ঙাৰ ৯৮.৭৬ শতাংশ।
তদুপৰি, প্ৰতিদিনাৰ পজিটিভিটী হাৰ ০.৩২ শতাংশ আৰু সাপ্তাহিক পজিটিভিটীৰ হাৰ ০.২৬ শতাংশ। যোৱা ২৪ ঘন্টাত দেশত মুঠ ৩০০৯১৮জন লোকৰ কোভিড টেষ্টা কৰা হৈছে। আৰু টীকাকৰণ অভিযান অনুসৰি ১৮৬.৩৮ জন ভাৰতীয় নাগৰিকক কোভিড ভেকচিন প্ৰদান কৰা হৈছে।