নিউজ ডেস্ক : মঙলবাৰে ভাৰতত ৯২,৫৯৬ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৪.২৩ শতাংশ।
যোৱা দুটা মাহৰ পিছত সোমবাৰ আৰু মঙলবাৰৰ কালিৰ দিন কেইটাত দেশত আটাইতকৈ কম সংখ্যক লোকৰ মাজত ক’ভিড পজিটিভ ধৰা পৰে। সোমবাৰে ৮৬ হাজাৰ ৪৯৮ জন লোকৰ শৰৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভ।
মঙলবাৰে মুঠ ১৯,৮৫,৯৬৭ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
লগতে পঢ়ক : লিওনেল মেছিক চেৰ পেলাই ইতিসাহ ৰচিলে ভাৰতীয় ফূটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৯০,৮৯,০৬৯ গৰাকী।
যোৱা ২৪ ঘণ্টাত ২,২১৯ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৫৩,৫২৮ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
মৃত্যু হোৱা লোকসকলৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ৭০২ গৰাকী, তামিলনাডুত ৪০৯ গৰাকী, কৰ্নাটকত ১৭৯ গৰাকী আৰু কেৰেলাত ১২৪ গৰাকী লোকে প্ৰাণ হেৰোৱাব লগা হয়।