নিউজ ডেস্ক : দেওবাৰে ভাৰতত ১,০০,৬৩৬ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ৬.৩৪ শতাংশ।
যোৱা ৬১ দিনৰ ভিতৰত কালিৰ দিনটোত আটাইতকৈ কম সংখ্যক লোকৰ মাজত ক’ভিড পজিটিভ ধৰা পৰে। দেওবাৰে মুঠ ১৫,৮৭,৫৮৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ২,৮৯,০৯,৯৭৫ গৰাকী।
লগতে পঢ়ক টকিঅ’ অলিম্পিকৰ বাবে হিমাৰ অন্তিমটো সুযোগ
যোৱা ২৪ ঘণ্টাত ২৪২৭ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৩,৪৯,১৮৬ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
উল্লেখযোগ্য যে এপ্ৰিল মাহৰে পৰা দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থাকৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক।
দেশজুৰি ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থাকৰ মাজতে বিগত কিছুদিন ধৰি পৰিস্থিতি কিছু উন্নত হ’বলৈ ধৰিছে।