দেশত ক’ভিড-১৯ পজিটিভৰ সংখ্যাই ১.৫০ কোটি অতিক্ৰম কৰিছে। ইয়াৰে এটা দিনতে অভিলেখ ২,৭৩,৮১০ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।
সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান দেশত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা ১৯ লাখতকৈ অধিক।
আৰু পঢ়কঃ তিনিচুকীয়া জিলাৰ কভিড পৰিস্থিতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে
ইপিনে ক’ভিডৰ ফলত ১,৭৮,৭৬৯ গৰাকী লোকৰ মৃত্যু হৈছে আৰু দৈনিক ১৬১৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি উক্ত তথ্যত প্ৰকাশ পাইছে।
উক্ত তথ্যৰ মতে, দেশত মৃত্যুৰ হাৰ ১.১৯ শতাংশ তললৈ নামিছে আৰু সুস্থ হৈ উঠা লোকৰ সংখ্যা ১,২৯,৫৩,৮২১ গৰাকীলৈ বৃদ্ধি পাইছে।
আই চি এম আৰৰ মতে ১৮ এপ্ৰিললৈকে দেশত ২৬,৭৮,৯৪,৫৪৯ টা নমুনা সংগ্ৰহ কৰা পৰীক্ষা কৰা হৈছে, ইয়াৰে দেওবাৰৰ দিনটোত ১৩,৫৬,১৩৩ নমুনা পৰীক্ষা কৰা হয়।