নিউজ ডেস্ক: ২০২৫ চনৰ ভিতৰত ভাৰতে প্ৰতিৰক্ষা উৎপাদন ২২ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি কৰাৰ বাবে কাম কৰি আছে, বৃহস্পতিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে কয়।

গুজাৰাটৰ ৰাজধানী গান্ধীনগৰত চলি থকা ২০২২ বৰ্ষৰ প্ৰতিৰক্ষা এক্সপোত অনুষ্ঠিত ‘Invest in Defence’ অনুষ্ঠানত ভাষণ দি সিঙে যিকোনো সমস্যাৰ ক্ষেত্ৰত বিনিয়োগকাৰীসকলক কোনো দ্বিধা নকৰাকৈ তেওঁক বা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াসকলক লগ ধৰিবলৈ আহ্বান জনায়।

ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগ বৰ্তমান এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ব্যক্তিগত বিনিয়োগকাৰীসকলক প্ৰতিৰক্ষা উদ্যোগত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

তেওঁ কয়, “বৰ্তমান প্ৰতিৰক্ষাখণ্ডত কেৱল বৃহৎ কৰ্পোৰেট গোষ্ঠীয়ে নহয়, আনকি ষ্টাৰ্ট-আপ তথা ক্ষুদ্ৰ মজলীয়া উদ্যোগ গোষ্ঠীয়ো ইয়াৰ সৈতে জড়িত হয় যথেষ্ট প্ৰগতি কৰিছে। এইয়া প্ৰতিৰক্ষা খণ্ডৰ বাবে সোণালী সময়।”

“ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগ আহিব লগীয়া সময়ৰ এক ছানৰাইজ উদ্যেগ,” তেওঁ লগতে কয়।

চৰকাৰে ২০২৫ চনৰ ভিতৰত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন বৰ্তমানৰ ১২ বিলিয়ন আমেৰিকান ডলাৰৰ পৰা ২২ বিলিয়ন আমেৰিকান ডলাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাই আছে বুলি উল্লেখ কৰি তেওঁ কয়, “আমি আনকি ২২ বিলিয়ন আমেৰিকান ডলাৰৰ এই লক্ষ্যকো অতিক্ৰম কৰিব পাৰোঁ। প্ৰতিৰক্ষা খণ্ডত সুযোগৰ কোনো অভাৱ নাই।”

লগতে পঢ়ক – বিশ্বনাথ জিলাৰ হেলেম চক্ৰ বিষয়া কাৰ্যালয়ত নিযুক্তি সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply