নিউজ ডেস্কঃ দেশত কোৰোনাৰ সংক্ৰমণ বৰ্তমান সময়ত হ্ৰাস পাইছে। ফলত বহু শিথিলতাও প্ৰদান কৰা হৈছে ৰাজ্যসমূহত। তাৰ মাজতে আইআইটি, কানপুৰৰ গৱেষকৰ এক অধ্যয়নত উল্লেখ কৰা হৈছে যে কোৰোনা সংক্ৰমণ চতুৰ্থ ঢৌ চলিত বৰ্ষৰ ২২ জুন মানৰ পৰা আৰম্ভ আৰু আগষ্ট মাহৰ মধ্য ভাগলৈ এই সংক্ৰমণৰ হাৰ সৰ্বাধিক হোৱাৰ সম্ভাৱনা আছে।

আইআইটি, কানপুৰৰ গৱেষকসকলে কৰা এই অধ্যয়ন শেহতীয়াকৈ মেডৰিৱ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অনুমান কৰা হৈছে যে কোৰোনাৰ সংক্ৰমণৰ চতুৰ্থটো ঢৌ প্ৰায় চাৰিমাহ অব্যাহত থাকিব। আইআইটি, কানপুৰৰ গণিত আৰু পৰিসংখ্যা বিভাগৰ গৱেষক এছ প্ৰকাশ ৰাজেশভাই, শুভ্ৰ শংকৰ ধৰ আৰু সলভৰ নেতৃত্বত কৰা এই অধ্যয়নৰ মতে, চতুৰ্থ ঢৌৰ সময়ত সংক্ৰমণ হাৰ কোভিডৰ নতুন ভেৰিয়েন্ট আৰু দেশজুৰি চলা টীকাকৰণ অভিযানৰ ওপৰত নিৰ্ভৰ কৰিব।

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-ৰ তৰফৰ আশংকা কৰা হৈছে যে, অমিক্ৰন কোভিড-১৯ৰ অন্তিমটো ভেৰিয়েন্ট নহয়। কোভিড-১৯ৰ নতুন ভেৰিয়েন্টটো অমিক্ৰনতকৈ অধিক লোকক সংক্ৰমিত কৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply