নিউজ ডেস্কঃ ভাৰতত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্যলৈ চালেই তেনেই এক উমান কৰিব পাৰিব। কিয়নো যোৱা কিছুদিনৰ পৰা দেশত নতুনকৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে।
১৪ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে পুৱা চৰকাৰী তথ্যত প্ৰকাশ কৰা অনুসৰি, যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্তৰ হৈছে ৩৪,১১৩জন লোক। ইয়াৰ পাছতে দেশত বৰ্তমানলৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ৪২,৬৬৫,৫৩৪লৈ বৃদ্ধি পায়।
ইফালে, ভাৰতত এই সময়চোৱাত কোৰোনাত আক্ৰান্ত ৩৪৬জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ পাছতে কোভিড-১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই গৈছেগৈ ৫০৯০১১জন। ইয়াৰ বিপৰীতে অৱশ্যে আৰোগ্য হৈছে ৯১৯৩০জন লোক।
যদি এই সংখ্যালৈ চোৱা হয় তেন্তে বুজিব পাৰি যে যোৱা ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হোৱা লোকৰ তুলনাত আৰোগ্যৰ সংখ্যা বহু বেছি। আৰু বৰ্তমান সময়ত আৰোগ্যৰ হাৰ দেশত ৯৭.৬৮ শতাংশ।