নিউজ ডেস্ক : ভাৰতত কভিড সংক্ৰমণে ভংগ কৰিলে সৰ্বকালৰ সকলো বিশ্ব অভিলেখ। আমেৰিকাৰ পিছত ভাৰতত প্ৰথমবাৰৰ বাবে এদিনত আক্রান্ত হ’ল তিনি লাখতকৈও অধিক লোক। স্বাস্থ্য বিভাগৰ তথ্য মতে ভাৰতত যোৱা ২৪ ঘণ্টাত কভিডত আক্ৰান্ত হৈছে ৩,১৪,৮৩৫ জন লোক। মৃত্যুৰ মুখত যোৱা ২৪ ঘণ্টাত পৰিছে ২,১০৪ জন লোক। আমেৰিকাত যোৱা জানুৱাৰী মাহৰ ৪ তাৰিখে ৩ লাখ ৭ হাজাৰ লোক আক্রান্ত হৈছিল কভিডত।

দেশত অনিয়ন্ত্ৰিত কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌ। দেশৰ কেইবাখনো ৰাজ্য এতিয়া ভয়াবহভাৱে কভিডৰ কবলত পৰা পৰিলক্ষিত হৈছে। বিশেষকৈ দেশৰ ৰাজধানী দিল্লী আৰু দেশৰ বণিজ্যিক ৰাজ্য মহাৰাষ্ট্ৰৰ অৱস্থা অতিকৈ শোচনীয় হৈ পৰিছে। এই দুখন ৰাজ্যত কভিড আক্রান্ত আৰু মৃতকৰ সংখ্যা সৰ্বাধিক। দিল্লীত ইতিমধ্যে লকডাউন চলি আছে যদিও কভিডে অব্যাহত ৰাখিছে নিজৰ তাণ্ডৱ। মহাৰাষ্ট্ৰৰ পৰিৱেশ একে।

দেশজুৰি কভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে দেশৰ বাবে এক বেয়া খবৰ। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তথ্যই চকু কপালত তুলিছে দেশবাসীৰ। স্বাস্থ্য বিভাগৰ তথ্য মতে ভাৰতত কভিড মহামাৰীৰ সংক্ৰমণে সকলো অভিলেখ ভংগ কৰিছে। ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যাত ভাৰতে আমেৰিকাক পিছ পেলাইছে। ২৪ ঘণ্টাত ভাৰতত কভিডত আক্ৰান্ত হৈছে ৩,১৪,৮৩৫ জন লোক।

২৪ ঘণ্টাত কভিড আক্রান্তৰ সংখ্যাত ৩ লাখ ৭ হাজাৰেৰে শীৰ্ষত আছিল আমেৰিকা। যোৱা জানুৱাৰী মাহৰ ৪ তাৰিখে আমেৰিকাত ২৪ ঘণ্টাত আক্রান্ত হৈছিল ৩ লাখ ৭ হাজাৰ লোক। ইফালে ভাৰতত যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ২,১০৪ জন লোক।

উল্লেখ্য যে যোৱা মঙলাবাৰে ভাৰতত ২৪ ঘণ্টাত আক্রান্ত হৈছিল ২,৯৫,০৪১ জন লোক। যোৱা ২৪ ঘন্টাত দিল্লীত ২৪,৬৩৮ জন লোক নতুনকৈ কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে মহাৰাষ্ট্ৰত আক্রান্ত হৈছে ৬৭,৪৬৮ জন লোক। দিল্লীত কভিড আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ১২,৮৮৭ জন আৰু মহাৰাষ্ট্ৰত মৃতকৰ মুঠ সংখ্যা হৈছে ৬১,৯১১ জন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply