নিউজ ডেস্ক: ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে দেশৰ কোৰোনা সংক্ৰমনৰ সংখ্যাই । সোমবাৰৰ দিনটোতে ২ লাখ ৫৯ হাজাৰ লোক আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰালয়ে । ২৪ ঘন্টাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৬১ জন । বৰ্তমান সময়ত আক্ৰান্ত হৈ থকা ৰোগীৰ সংখ্যা ২০ লাখ ৩১ হাজাৰ ৯৭৭ জন ।
এতিয়ালৈকে ১২ কোটি ৭১ লাখ ২৯ হাজাৰ ১১৩ গৰাকী লোকক কালিৰ দিনটোলৈকে ভেকচিন দিয়া হৈছে । কেন্দ্ৰীয় চৰকাৰে ১ মে’ৰ পৰা দেশত কভিড ভেকচিনৰ তৃতীয় পৰ্যায়ৰ টীকাকৰণ আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে। ১৮ বছৰৰ ওপৰৰ সকলো লোকে লাভ কৰিব ভেকচিন। লগতে কভিড ভেকচিনক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। স্বাস্থ্য বিভাগে প্ৰকাশ কৰা মতে মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, আদি দহখন ৰাজ্যত ৭৮.৫৮ শতাংশ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ।
মুম্বাই ভয়ংকৰ ৰূপ লোৱা কোৰোনা সংক্ৰমনৰ সংখ্যাই দিনকদিনে বৃদ্ধি পাইছে । এইবাৰ এই আক্ৰান্ত সকল শ্লাম অঞ্চলৰ পৰা নহয় আভিজাত অঞ্চলৰ পৰাই বেছিকৈ ওলাইছে । শেহতীয়া তথ্য মতে মহাৰাষ্ট্ৰত শেহতীয়াকৈ আক্ৰান্ত হোৱা ৮৭ হাজাৰ লোকৰ ৯০ শতাংশই হৈছে আভিজাত অঞ্চলৰ ।
মহাৰাষ্ট্ৰৰ পিছত দিল্লীয়ে লকডাউন ঘোষণা কৰাৰ পিছত ইয়াত থকা শ্ৰমিকসকল পুনৰ ঘৰলৈ উভতিছে ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰবাসী মজদুৰ সকল পুনৰ উভতাক লৈ চৰকাৰক তেওলোকৰ একাউন্টত চৰকাৰক টকা জমা কৰাবলৈ টুইট কৰিছে । কোৰোনা সংক্ৰমনৰ বাবে জনতাক দোষী কৰা চৰকাৰ খনে এই ব্যবস্থা ল’ব পাৰিবনে বুলি প্ৰশ্ন কৰিছে ।
ভাৰতৰ পৰা ব্ৰিটেইনলৈ ওভতা লোকসকলক ১০ দিনৰ হোটেল কোৱাৰেন্টাইন বাধ্যতামূলক কৰিছে । দেশখনে ভাৰতক ‘ৰেড লিষ্ট’ ত ৰাখিছে ।