নিউজ ডেস্ক: ভাৰতত নতুনকৈ ৩,৫৪৫ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। শুকুৰবাৰে প্ৰকাশ পোৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি কালিৰ দিনটোত ২৭ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুক সাবটি লয়।
এই পৰ্য্যন্ত দেশত ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৪,৩০,৯৪,৯৩৮ গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৫,২৪,০০২ গৰাকীলৈ বৃদ্ধি পাইছে।
দেশত দৈনিক সংক্ৰমণৰ হাৰ হৈছে ০.৭৬ শতাংশ আৰু সাপ্তাহিক সংক্ৰমণৰ হাৰ ০.৭৯ শতাংশ।
উল্লেখযোগ্য যে Indian SARS-CoV-2 Genomics Consortiumয়ে জনোৱা অনুসৰি ভাৰতত কোভিড সংক্ৰমিত লোকসকলৰ শৰীৰত অমিক্ৰনৰ নতুন ভেৰিয়েন্ট পোৱা গৈছে। শেহতীয়া অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি, ব্ৰিটেইনৰ বিশেষজ্ঞসকলে কৈছে যে এই ভেৰিয়েন্ট এতিয়ালৈকে ভাৰতত পোৱা কোভিডৰ বিভিন্ন প্ৰজাতিতকৈ বেছি মাৰাত্মক নহয়। ই তীব্ৰগতিত সংক্ৰমিত হ’ব নোৱাৰে।
লগতে পঢ়ক – পশ্চিম কাৰ্বিআংলঙত উপস্থিত হয় অসম ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলক কুমাৰ