নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে। বিগত কিছুমাহ ধৰি সমগ্ৰ দেশতে তাণ্ডৱ চলাই থকা ক’ভিডৰ শক্তি হ্ৰাস পাবলৈ ধৰিছে।
দেওবাৰৰ দিনটোত দেশত ৩৯,৭৯৬ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত দেশত আক্ৰান্তৰ হাৰ আছিল ২.৬১ শতাংশ।
কালি মুঠ ১৫,২২,৫০৪ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।
বৰ্তমান ভাৰতত মুঠ ক’ভিড পজিটিভ লোকৰ সংখ্যা হৈছে ৩,০৫,৮৫,২২৯ গৰাকী আৰু আক্ৰান্ত হৈ থকা লোকৰ সংখ্যা হৈছে ৪,৮২,০৭১ গৰাকী।
বৰ্তমান আক্ৰান্তৰ হাৰ হৈছে মুঠ সংক্ৰমণৰ ১.৫৮ শতাংশ।
লগতে পঢ়ক : শিৱসাগৰত চাকৰি ওলাইছে : আবেদনৰ অন্তিম তাৰিখ ৩০ জুলাই
যোৱা ২৪ ঘণ্টাত ৭২৩ গৰাকী লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয়। এই পৰ্য্যন্ত দেশত মুঠ ৪,০২,৭২৮ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।
দেওবাৰে মৃত্যু হোৱা ৭২৩ গৰাকী লোকৰ ভিতৰত ৩০৬ গৰাকী মহাৰাষ্ট্ৰৰ, ৭৬ গৰাকী কেৰেলাৰ আৰু ৭২ গৰাকী তামিলনাডুৰ।